Back to Dashboard Dashboard লৈ ঘূৰি যাওক

Delayed Birth Certificate Support Portal পলম হোৱা জন্মৰ প্ৰমাণপত্ৰ লাভৰ বাবে সহায়ক প’ৰ্টেল

To obtain a Delayed Birth Certificate, the following two main steps are required: পলম হোৱা জন্মৰ প্ৰমাণপত্ৰ (Delayed Birth Certificate) লাভ কৰিবলৈ তলৰ দুটা মুখ্য পদক্ষেপ অনুসৰণ কৰিব লাগিব:

Step 1: Permission পদক্ষেপ ১: অনুমতি
1

Apply for Permission for Delayed Birth Registration through the Sewa Setu Portal and obtain approval from the District Administration. প্ৰথমে পলম হোৱা জন্ম পঞ্জীয়নৰ অনুমতি (Permission for Delayed Birth Registration) লাভৰ বাবে সেৱা সেতু প'ৰ্টেলৰ জৰিয়তে আবেদন কৰি জিলা প্ৰশাসনৰ অনুমোদন লাভ কৰিব লাগিব।

Step 2: Certificate পদক্ষেপ ২: প্ৰমাণপত্ৰ
2

After receiving the permission order, apply for the Birth Certificate with the Health Department/Registrar of Births and Deaths. অনুমতি লাভ কৰাৰ পিছত জন্ম প্ৰমাণপত্ৰ (Birth Certificate) লাভৰ বাবে স্বাস্থ্য বিভাগ/জন্ম-মৃত্যু পঞ্জীয়ক কাৰ্যালয়ত আবেদন কৰিব লাগিব।

Use this slider to navigate through the required steps for delayed birth certificate preparation. পলম হোৱা জন্মৰ প্ৰমাণপত্ৰ প্ৰস্তুত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপসমূহ জানিবলৈ তলৰ শ্লাইডাৰটো ব্যৱহাৰ কৰক।

Quick Access দ্ৰুত প্ৰৱেশ

Online Form Generation Tools অনলাইন ফৰ্ম প্ৰস্তুত কৰাৰ সঁজুলি

Generate, fill & print your required documents instantly — each tool opens in a new tab. প্ৰয়োজনীয় নথিপত্ৰ তৎক্ষণাৎ প্ৰস্তুত কৰক, পূৰণ কৰক আৰু ছপা কৰক — প্ৰতিটো সঁজুলি নতুন টেবত খুলিব।

Not sure which form you need? Scroll down to the Step-by-Step Roadmap below. কোনটো ফৰ্ম দৰকাৰ নাজানে? তলত থকা পদক্ষেপ-অনুযায়ী গাইডলৈ স্ক্ৰল কৰক।
Active সক্ৰিয়

Affidavit শপতনামা (Affidavit)

Generate the legal affidavit for Delayed Birth Registration. Print on Stamp Paper and get attested by an Executive Magistrate. পলম হোৱা জন্ম পঞ্জীয়নৰ বাবে শপতনামা প্ৰস্তুত কৰক। ষ্টাম্প পেপাৰত ছপা কৰি দণ্ডাধীশৰ দ্বাৰা সত্যাপিত কৰাব।

Active সক্ৰিয়

Form-1 (Birth Report) ফৰ্ম-১ (জন্মৰ প্ৰতিবেদন)

Generate the mandatory Form-1 Birth Report, duly filled and signed by the father/mother for submission at the health center. স্বাস্থ্য কেন্দ্ৰত দাখিলৰ বাবে পিতৃ/মাতৃৰ স্বাক্ষৰসহ বাধ্যতামূলক ফৰ্ম-১ জন্মৰ প্ৰতিবেদন প্ৰস্তুত কৰক।

🔜 Coming Soon শীঘ্ৰেই আহিব

GP / Ward Certificate গাঁও প্ৰধান / ৱাৰ্ড প্ৰমাণপত্ৰ

Online generator for the Gaon Pradhan or Ward Member certificate regarding the child's date of birth. শিশুৰ জন্ম তাৰিখ সম্পৰ্কে গাঁও প্ৰধান বা ৱাৰ্ড সদস্যৰ প্ৰমাণপত্ৰৰ বাবে অনলাইন সঁজুলি।

🔜 Coming Soon শীঘ্ৰেই আহিব

School Certificate বিদ্যালয়ৰ প্ৰমাণপত্ৰ

Online generator for the School Headmaster's verification certificate confirming the child's date of birth and admission records. শিশুৰ জন্ম তাৰিখ আৰু ভৰ্তিৰ তথ্য নিশ্চিত কৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ প্ৰমাণপত্ৰৰ বাবে অনলাইন সঁজুলি।

📋 Detailed Guide বিতংভাৱে জানক

Step-by-Step Preparation Roadmap পদক্ষেপ-অনুযায়ী প্ৰস্তুতিৰ গাইড

Follow each slide carefully to prepare a complete, error-free document set for your application. আপোনাৰ আবেদনৰ বাবে সম্পূৰ্ণ আৰু নিভুল নথিপত্ৰ প্ৰস্তুত কৰিবলৈ প্ৰতিটো স্লাইড মনোযোগেৰে অনুসৰণ কৰক।

Slide / 8 স্লাইড / ৮

Primary Objective মুখ্য উদ্দেশ্য

To prepare a complete and error-free set of documents for applying for a Delayed Birth Certificate. সম্পূৰ্ণ আৰু ভুলহীন নথিপত্ৰৰ সংগ্ৰহ কৰি, পলম হোৱা জন্মৰ প্ৰমাণপত্ৰৰ বাবে আবেদন কৰিবলৈ এই পৰ্টেলটোৱে আপানাক সহায় কৰিব

Procedural Workflow Overview কাৰ্যপদ্ধতিৰ সামগ্ৰিক ৰূপৰেখা

1 Collect Info তথ্য সংগ্ৰহ

Gather student details, parent Aadhaar copies, GP & School Certificates. শিক্ষাৰ্থীৰ সবিশেষ, পিতৃ-মাতৃৰ আধাৰ কাৰ্ডৰ কপি, জন্ম সন্দৰ্ভভত গাওঁবুঢ়া আৰু স্কুল মানপত্ৰ সংগ্ৰহ কৰা।

2 Stamp Paper ষ্টাম্প পেপাৰ

Purchase Stamp Paper matching parent names on Aadhaar exactly. আধাৰ কাৰ্ডৰ লগত পিতৃ-মাতৃৰ নাম নিখুঁতভাৱে মিল থকা ষ্টাম্প পেপাৰ ক্ৰয় কৰা।

3 Print Affidavit শপতনামা ছপা

Print affidavit format on Stamp Paper with 21.5 cm top alignment. ষ্টাম্প পেপাৰত ওপৰৰ পৰা ২১.৫ ছে.মি. খালি ঠাই এৰি ছপা কৰা।

4 Sign & Seal স্বাক্ষৰ আৰু মোহৰ

Obtain parent signature and school headmaster verification seal. তথ্যৰ শুদ্ধতা নিৰূপণ কৰিবলৈ পিতৃ-মাতৃৰ স্বাক্ষৰ আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ স্বাক্ষৰ আৰু মোহৰ সংগ্ৰহ কৰা।

5 Verify Set নথিপত্ৰ পৰীক্ষণ

Cross-verify that names, dates, and spelling match identically across documents. নথিপত্ৰসমূহত নাম, তাৰিখ আৰু বানান একে আছে নে নাই ভালদৰে পৰীক্ষা কৰা।

6 Sewa Setu সেৱা সেতু

Apply online via Sewa Setu Portal and get permission approval. সেৱা সেতু প'ৰ্টেলৰ জৰিয়তে অনলাইন আবেদন কৰা আৰু অনুমতি লাভ কৰা।

7 Final Application চূড়ান্ত আবেদন

Submit permission order, Form-1, and documents physically at nearest PHC or Office of Joint Director of Health Services, Sonari. পলম হোৱা জন্ম পঞ্জীয়নৰ অনুমতিৰ বাবে আবেদন পত্ৰ, ফৰ্ম-১ আৰু অন্যান্য নথিপত্ৰ সমূহ ওচৰত থকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত দাখিল কৰা।

Use the navigation controls below or your keyboard arrow keys (← →) to progress through the workflow কাৰ্যপদ্ধতি আগবঢ়াই নিবলৈ তলৰ বুটামসমূহ ব্যৱহাৰ কৰক বা কীবৰ্ডৰ কাঁড় চিন (← →) টিপক
  • 1 Student Identification and collect details ছাত্ৰ-ছাত্ৰীৰ পৰিচয় আৰু সবিশেষ তথ্য সংগ্ৰহ কৰা।
  • 2 Aadhaar copies of Father and Mother. পিতৃ আৰু মাতৃৰ আধাৰ কাৰ্ডৰ কপি।
  • 3 Certificate from Gaon Pradhan or Ward Member regarding the student's date of birth. ছাত্ৰ/ছাত্ৰীজনৰ জন্মৰ তাৰিখ সন্দৰ্ভত গাঁওবুঢ়া বা ৱাৰ্ড সদস্যৰ পৰা প্ৰমাণপত্ৰ।
  • 4 School Certificate issued by the Headmaster/Principal mentioning the student's date of birth.. ছাত্ৰ/ছাত্ৰীজনৰ জন্মৰ তাৰিখ সন্দৰ্ভত প্ৰধান শিক্ষক/অধ্যক্ষৰ দ্বাৰা প্ৰদান কৰা বিদ্যালয়ৰ প্ৰমাণপত্ৰ।
  • 5 Application Form for permission of delayed certificate. পলম হোৱা জন্মৰ প্ৰমাণপত্ৰৰ অনুমতিৰ বাবে আবেদন পত্ৰ।
  • 6 Hospital Birth Certificate / Polio Card / Other Age Proof. চিকিৎসালয়ৰ জন্মৰ প্ৰমাণপত্ৰ / পলিঅ' কাৰ্ড / অন্যান্য বয়সৰ প্ৰমাণ।
IMPORTANT VERIFICATION সত্য নিৰূপণ

Before proceeding further, verify that: আগবঢ়াৰ পূৰ্বে, তলৰ কথাবোৰ পৰীক্ষা কৰি লওক:

  • Student's name is identical in all documents. সকলো নথিপত্ৰত শিক্ষাৰ্থীৰ নাম একে আছে।
  • Father's name matches the Aadhaar Card. সকলো নথিপত্ৰসমূহত পিতৃ-মাতৃৰ নাম তেওঁলোকৰ আধাৰ কাৰ্ডৰ সৈতে মিলি আছে।
  • Date of Birth is consistent in all documents. জন্মৰ তাৰিখ সকলো নথিপত্ৰতে একে আছে।
  • 1 Purchase a Non-Judicial Stamp Paper in the name of either the Father or Mother. পিতৃ বা মাতৃ যিকোনো এজনৰ নামত(যাৰ আধাৰ কাৰ্ড আছে) এখন নন-জুডিচিয়েল ষ্টাম্প পেপাৰ ক্ৰয় কৰক।
  • 2 The name on the Stamp Paper (First Party and Stamp Duty paid by) must exactly match the name on the Aadhaar Card of the parents. Bring a photocopy (xerox) of the Aadhaar card of both Mother and Father so that the name is written exactly as per their Aadhaar. ষ্টাম্প পেপাৰত থকা নামটো (First Party আৰু Stamp Duty paid by) পিতৃ বা মাতৃৰ (যাৰ নামত ষ্টাম্প পেপাৰ ক্ৰয় কৰা হৈছে) আধাৰ কাৰ্ডৰ নামৰ সৈতে হুবহু মিলিব লাগিব। পিতৃ আৰু মাতৃ দুয়োৰে আধাৰ কাৰ্ডৰ ফটোকপি (জেৰক্স) লগত লৈ যাব যাতে নামটো আধাৰ অনুসৰি সঠিকভাৱে লিখিব পৰা যায়।
Stamp Paper Template
Click to Zoom ডাঙৰকৈ চাবলৈ কৰিবলৈ ক্লিক কৰক
Click image to enlarge ডাঙৰকৈ চাবলৈ ছবিত ক্লিক কৰক

Printing Instructions ছপা কৰাৰ নিৰ্দেশাৱলী

  1. Generate affidavit online or download sample layout. শপতনামা অনলাইনযোগে প্ৰস্তুত কৰক বা নমুনা ডাউনলোড কৰক। Fill & Print পূৰণ কৰক আৰু ছপা কৰক

Printing Support ছপা কৰিবলৈ সহায়

If schools face difficulty in printing, they may bring the Stamp Paper along with all documents to the **Block Rresource Centre** or **District Office** for technical assistance. যদি বিদ্যালয়সমূহে শপতনামা ছপা ক্ষেত্ৰত অসুবিধা পায়, তেন্তে তেওঁলোকে কাৰিকৰী সহায়ৰ বাবে ষ্টাম্প পেপাৰৰ লগতে সকলো নথিপত্ৰ খণ্ড (Block Resource Centre) বা **জিলা কাৰ্যালয়লৈ** আনিব পাৰে।

Affidavit Generation & Layout শপতনামাৰ নথিপত্ৰ

Generate affidavit online or download sample layout. শপতনামা অনলাইনযোগে প্ৰস্তুত কৰক বা নমুনা ডাউনলোড কৰক।

1

Parent Endorsement অভিভাৱকৰ চহী/টিপচহী

Obtain the signature or thumb impression of the Father/Mother on the affidavit. শপতনামাখনত পিতৃ/মাতৃৰ চহী বা বুঢ়া আঙুলিৰ টিপ চাব সংগ্ৰহ কৰক।

2

HM Verification Seal সত্যতা নিৰূপণ কৰি প্ৰধান শিক্ষকৰ স্বাক্ষৰ আৰু ছীল

The Headmaster/Principal shall sign and affix the school seal in the identification section. প্ৰধান শিক্ষক/অধ্যক্ষই পৰিচয় অংশত স্বাক্ষৰ কৰিব আৰু বিদ্যালয়ৰ ছীল মোহৰ লগাব।

3

Magistrate Verification and Seal দণ্ডাধীশৰ চহী

The Megestaret shall sign and affix the official seal. শেষত দণ্ডাধীশৰ চহী আৰু চৰকাৰী মোহৰ

Affidavit Generation & Layout শপতনামাৰ নথিপত্ৰ

Generate the affidavit online or download the sample layout (PDF) for printing. শপতনামা অনলাইনযোগে প্ৰস্তুত কৰক বা নমুনা (PDF) ডাউনলোড কৰক।

Check that all verification requirements are satisfied: সকলো প্ৰয়োজনীয়তা পূৰণ হৈছে নে নাই নিশ্চিতকৰণ কৰক:

Student name is identical in all documents. নথিপত্ৰসমূহত শিক্ষাৰ্থীৰ নাম একে আছে।
Father's and Mother's names match Aadhaar. সকলো নথিপত্ৰসমূহত পিতৃ আৰু মাতৃৰ নাম তেওঁলোকৰ আধাৰ কাৰ্ডৰ লগত মিলিছে।
Date of Birth is the same in all certificates. জন্মৰ তাৰিখ সকলো প্ৰমাণপত্ৰতে একে আছে।
Affidavit is properly signed by parents, head Master and Magestrte. শপতনামাখনত সঠিকভাৱে অভিভাৱক, প্ৰধান শিক্ষক/অধ্যক্ষ আৰু দণ্ডাধীশৰ স্বাক্ষৰ কৰা হৈছে।
School seal and signature are affixed. বিদ্যালয়ৰ আৰু দণ্ডাধীশৰ মোহৰ লগোৱা হৈছে।
All supporting documents are attached. সকলো সহায়ক নথিপত্ৰ সংলগ্ন কৰা হৈছে।

Sewa Setu Portal Submission সেৱা সেতু প'ৰ্টেলৰ জৰিয়তে পলম হোৱা জন্ম পঞ্জীয়নৰ অনুমতিৰ আবেদন

After arranging all the required documents, apply online through the official Sewa Setu Portal: প্ৰয়োজনীয় সকলো নথিপত্ৰ সাজু কৰাৰ পিছত, চৰকাৰী সেৱা সেতু প'ৰ্টেলৰ জৰিয়তে পলম হোৱা জন্ম পঞ্জীয়নৰ অনুমতি অনলাইন আবেদন কৰক, মন কৰিব ,সেৱা সেতু পৰ্টেলত আপুনি পলম হোৱা জন্ম পঞ্জীয়নৰ অনুমতি পত্ৰহে আবেদন কৰিছে, জন্মৰ প্ৰমান পত্ৰ নহয়

Apply for Permission অনুমতিৰ বাবে আবেদন কৰক
IMPORTANT গুৰুত্বপূৰ্ণ

After submission, wait for approval from the District Administration before proceeding to the next step. মন কৰিব ,সেৱা সেতু পৰ্টেলত আপুনি পলম হোৱা জন্ম পঞ্জীয়নৰ অনুমতি পত্ৰহে আবেদন কৰিছে, জন্মৰ প্ৰমান পত্ৰ নহয়, গতিকে দাখিল কৰাৰ পিছত, পৰৱৰ্তী পদক্ষেপলৈ যোৱাৰ আগতে জিলা প্ৰশাসনৰ পৰা অনুমোদন পোৱালৈকে অপেক্ষা কৰক।

Documents to be Uploaded আপলোড কৰিবলগীয়া নথিপত্ৰসমূহ

  • Affidavit শপতনামা (Affidavit)
  • Certificate from Gaon Pradhan/Ward Member ছাত্ৰ-ছাত্ৰী জন্মৰ সন্দৰ্ভত গাঁও প্ৰধান/ৱাৰ্ড সদস্যৰ পৰা প্ৰমাণপত্ৰ
    Download Sample Download Sample
  • School Certificate ছাত্ৰ-ছাত্ৰী জন্মৰ সন্দৰ্ভত বিদ্যালয়ৰ প্ৰমাণপত্ৰ
    Download Sample Download Sample
  • Application Form for permission of delayed certificate পলম হোৱা জন্ম পঞ্জীয়নৰ অনুমতিৰ বাবে কৰা আবেদন পত্ৰ
    Download Sample Download Sample
  • Hospital Birth Certificate / Polio Card / Other Age Proof চিকিৎসালয়ৰ জন্মৰ প্ৰমাণপত্ৰ / পলিঅ' কাৰ্ড / অন্যান্য বয়সৰ প্ৰমাণপত্ৰ
  • Aadhaar Card of Father and/or Mother পিতৃ আৰু মাতৃৰ আধাৰ কাৰ্ড

Submit Final Application চূড়ান্ত আবেদন দাখিল কৰক

After receiving the **Permission for Delayed Birth Registration** from the Sewa Setu Portal, submit the final application at any of the following authorized health centers or offices: সেৱা সেতু প'ৰ্টেলৰ পৰা পলম হোৱা জন্ম পঞ্জীয়নৰ অনুমতি লাভ কৰাৰ পিছত, তলত উল্লেখ কৰা যিকোনো অনুমোদিত স্বাস্থ্য কেন্দ্ৰ বা কাৰ্যালয়ত চূড়ান্ত আবেদন দাখিল কৰক:

JDHS, Charaideo যুটীয়া স্বাস্থ্য সঞ্চালক (JDHS), চৰাইদেউ

Office of the Joint Director of Health Services, Charaideo, Rajapukhuri, Sonari, Charaideo, Assam – 785690 যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়, চৰাইদেউ, ৰজাপুখুৰী, সোণাৰী, চৰাইদেউ, অসম – ৭৮৫৬৯০

Sonari Sub-Divisional Civil Hospital সোণাৰি মহকুমা অসামৰিক চিকিৎসালয়

Rajapukhuri, Sonari, Charaideo, Assam – 785690 ৰাজপুখুৰী, সোণাৰি, চৰাইদেউ, অসম – ৭৮৫৬৯০

Bampather Bengenabari MPHC বামপথাৰ বেঙেনাবাৰী উপ-প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (MPHC)

Bengenabari, Sapekhati Block, Charaideo, Assam – 785692 বেঙেনাবাৰী, সাপেখাতী খণ্ড, চৰাইদেউ, অসম – ৭৮৫৬৯২

Sapekhati BPHC সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (BPHC)

Sapekhati, Charaideo, Assam – 785692 সাপেখাতি, চৰাইদেউ, অসম – ৭৮৫৬৯২

Borhat MPHC বৰহাট উপ-প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (MPHC)

Borhat Habi Gaon, Sapekhati, Charaideo, Assam – 785692 বৰহাট হাবি গাঁও, সাপেখাতি, চৰাইদেউ, অসম – ৭৮৫৬৯২

Tengapukhuri MPHC টেঙাপুখুৰী উপ-প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (MPHC)

Tengapukhuri, Patsaku Block, Charaideo, Assam – 785686 টেঙাপুখুৰী, পাতসাকোঁ , চৰাইদেউ, অসম – ৭৮৫৬৮৬

Patsaku BPHC পাতসাকোঁ ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (BPHC)

Patsaku, Sonari, Charaideo, Assam – 785690 পাতসাকো, সোণাৰী, চৰাইদেউ, অসম – ৭৮৫৬৯০

Narod Kumar PHC নৰোদ কুমাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (PHC)

Sarupathar Gaon No. 2, Patsaku Block, Charaideo, Assam – 785670 সৰুপথাৰ গাঁও নং ২, পাতসাকোঁ ব্লক, চৰাইদেউ, অসম – ৭৮৫৬৭০

Documents Required প্ৰয়োজনীয় নথিপত্ৰসমূহ

  • Form-1 (Birth Report) duly filled and signed by the father/mother পিতৃ/মাতৃৰ দ্বাৰা সঠিকভাৱে পূৰণ কৰা আৰু স্বাক্ষৰ কৰা ফৰ্ম-১ (জন্মৰ প্ৰতিবেদন)
  • Permission for Delayed Birth Registration received from the Sewa Setu Portal সেৱা সেতু প'ৰ্টেলৰ পৰা লাভ কৰা পলম হোৱা জন্ম পঞ্জীয়নৰ অনুমতি পত্ৰ
  • Affidavit শপতনামা (Affidavit)
  • Certificate from Gaon Pradhan/Ward Member regarding the date of birth জন্মৰ তাৰিখ সন্দৰ্ভত গাঁও প্ৰধান/ৱাৰ্ড সদস্যৰ পৰা প্ৰমাণপত্ৰ
    Download Sample Download Sample
  • School Certificate জন্মৰ তাৰিখ সন্দৰ্ভত বিদ্যালয়ৰ প্ৰমাণপত্ৰ
    Download Sample Download Sample
  • Hospital Birth Certificate, Polio Card, or other age proof document চিকিৎসালয়ৰ জন্মৰ প্ৰমাণপত্ৰ, পলিঅ' কাৰ্ড বা অন্যান্য বয়সৰ প্ৰমাণপত্ৰ
  • Aadhaar Card of Father and/or Mother পিতৃ আৰু/অথবা মাতৃৰ আধাৰ কাৰ্ডৰ কপি

Important Instruction গুৰুত্বপূৰ্ণ নিৰ্দেশনা

Ensure that the Student Name, Father's Name, Mother's Name, and Date of Birth are identical across all documents (Aadhaar, School Records, and Certificates) before submission. Discrepancies will result in verification failure. দাখিল কৰাৰ পূৰ্বে সকলো নথিপত্ৰতে (আধাৰ কাৰ্ড, বিদ্যালয়ৰ তথ্য আৰু প্ৰমাণপত্ৰ) শিক্ষাৰ্থীৰ নাম, পিতৃৰ নাম, মাতৃৰ নাম আৰু জন্মৰ তাৰিখ একে থকাটো নিশ্চিত কৰক। কিবা অমিল থাকিলে প্ৰমাণপত্ৰ লাভ কৰাত ব্যৰ্থ হব